স্বাগতম

ই-আদালত সেৱাসমূহ

গুৱাহাটী উচ্চ ন্যায়ালয় , গুৱাহাটী

আৰম্ভণি কৰক

বিষয়ে

ই-আদালত সেৱাসমূহ

ই-আদালত প্ৰকল্প হৈছে এনে এক প্ৰকল্প যাৰ জৰিয়তে দেশৰ আদালত সমূহত তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই.চি.টি.)ৰ সংযোজন ঘটাই ন্যায় প্ৰদান ব্যৱস্থাটোক সূলভ তথা কম-খৰচী কৰি তুলিব পৰা যাব। আদালতসমূহক আই.চি.টি. কাৰ্যক্ষম কৰি তোলাৰ জৰিয়তে দেশৰ ন্যায় ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ই-কমিটিয়ে দাখিল কৰা “ভাৰতীয় ন্যায় ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই.চি.টি.)ৰ প্ৰয়োগৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যপ্ৰণালী-২০০৫”ৰ আধাৰত এই প্ৰকল্প হাতত লোৱা হৈছিল। এই ই-আদালত প্ৰকল্পৰ উদ্দেশ্য হৈছে আইনী প্ৰক্ৰিয়াসমূহ সহজ তথা ব্যৱহাৰকাৰীৰ অনুকূল কৰি তোলা। ইয়াৰ দ্বাৰা অধিবক্তা, অভিযোগকাৰী আৰু নাগৰিকসকলে বিভিন্ন ই-সেৱাসমূহ, যেনে- অনলাইন মাধ্যমত বিবাদ স্থিতি আৰু সবিশেষ, বিবাদ-সূচী, ৰায়, আদেশ আদি লাভ কৰিব পাৰে। অধিবক্তা আৰু মোকৰ্দমাকাৰীসকলে ই-দাখিলৰ জৰিয়তে বৈদ্যুতিন মাধ্যমত গোচৰ পঞ্জীয়ন কৰিব পাৰে, আৰু অনলাইন মাধ্যমত আদালতৰ মাচুল অথবা জৰিমনা পৰিশোধ কৰাৰ লগতে ভাৰ্চুৱেল ক’ৰ্টৰ অনলাইন সেৱাসমূহতো লাভ কৰিব পাৰে। এছ. এম. এছ. আৰু ই-মেইল সেৱাৰ দ্বাৰাও গোচৰ সম্বন্ধীয় তথ্যসমূহ লাভ কৰিব পাৰি। ই-আদালত সেৱাৰ প্ৰধান সুবিধাসমূহ হৈছে ন্যায় প্ৰদান ব্যৱস্থাক দ্ৰুত, সহজলভ্য আৰু স্বচ্ছ কৰি তোলা। এই ব্যৱস্থাই সমাজৰ সকলো স্তৰৰ নাগৰিকৰ বাবে সহজ ন্যায় প্ৰাপ্তি সুনিশ্চিত কৰিছে।

এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্যসমূহ হৈছেঃ

  • ফলপ্ৰসূ আৰু সময়বদ্ধ নাগৰিক-কেন্দ্ৰিক সেৱা প্ৰদান কৰা।
  • আদালতত সিদ্ধান্ত সমৰ্থন কৰা ব্যৱস্থাৰ বিকাশ সাধন কৰা, প্ৰতিষ্ঠা কৰা আৰু ৰূপায়ন কৰা।
  • ইয়াৰ অংশীদাৰসকলে সহজে তথ্য লাভ কৰাৰ উদ্দেশ্যে প্ৰক্ৰিয়াটোক স্বয়ংচালিত কৰা।
  • ন্যায় প্ৰদান ব্যৱস্থাক সহজলভ্য, কম খৰচী, বিশ্বাসযোগ্য আৰু স্বচ্ছ কৰি গুণগত আৰু পৰিমাণগতভাৱে ন্যায়িক কাৰ্যক্ষমতা বৃদ্ধি কৰা।
গুৱাহাটী উচ্চ ন্যায়ালয়েও ইয়াৰ অংশীদাৰসকলৰ সুবিধাৰ্থে বিভিন্ন ই-আদালত সেৱাৰ ব্যৱস্থা কৰিছে।

ই-আদালত - সেৱাসমূহ

ই-আদালত'ৰ সেৱাসমূহ

গোচৰ স্থিতি

গোচৰ স্থিতি, পৰৱৰ্তী শুনানিৰ তাৰিখ আৰু অন্যান্য সবিশেষৰ অনুসন্ধান পৰিচালনা কৰে।



নিৰ্দেশ/ ৰায়সমূহ

ই-মেইল, হুৱাট্ছএপ অথবা উপলব্ধ আন যিকোনো মাধ্যমযোগে ন্যায়িক নিৰ্দেশ/ ৰায়সমূহৰ ছফ্ট কপি প্ৰদান কৰে।


ই দাখিল

ই-দাখিল এপ্লিকেশ্যনে বৈদ্যুতিন মাধ্যমৰ দ্বাৰা আইনী নথিসমূহ দাখিল কৰাৰ সুবিধা প্ৰদান কৰিছে।

ভাৰ্চুৱেল ক'ৰ্ট

ভাৰ্চুৱেল ক’ৰ্ট হৈছে ন্যায় প্ৰদান ব্যৱস্থাৰ এনে এক ধাৰণা য’ত অধিবক্তা অথবা মোকৰ্দমাকাৰীসকল শাৰীৰিকভাৱে উপস্থিত থকাৰ প্ৰয়োজন নাই


এন.জে.ডি.জি

অমীমাংসিত গোচৰসমূহৰ চিনাক্তকৰণ, পৰিচালন তথা হ্ৰাস কৰাৰ ক্ষেত্ৰত এন. জে. ডি. জি.য়ে এক নিয়ন্ত্ৰণকাৰী আহিলা হিচাপে কাৰ্য সম্পাদন কৰে।


ই-পৰিশোধ

ই-পে’ হৈছে চেক্ অথবা নগদবিহীনভাৱে বৈদ্যুতিন মাধ্যমত আদালতৰ মাচুল পৰিশোধৰ এক ব্যৱস্থা।


ই-আদালত সেৱা মোবাইল এপ

২২-০৭-২০১৭ তাৰিখে আৰম্ভ কৰা ই-আদালত সেৱা মোবাইল এপ্ হৈছে এক কাৰ্যকৰী আদালতৰ তথ্য আহৰণ কৰা আহিলা।

ই-সেৱা কেন্দ্ৰ

ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ই-কমিটিয়ে হাতত লোৱা ন্যায়ালয় সম্পৰ্কীয় প্ৰকল্পসমূহৰ অধীনত দেশৰ জিলা আদালত আৰু উচ্চ ন্যায়ালয়সমূহত ই-সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে

যোগাযোগ

যোগাযোগ কৰক

আমাৰ অৱস্থান:

টেলিফোন:

0361 2600008, 0361 2731245,
0361 2735869